August 26, 2024 8:52 PM

views 25

বিজেপিৰ ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি নলবাৰীত কর্মশালা

ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অহা পহিলা ছেপ্তেম্বৰত আৰম্ভ কৰিবলগীয়া ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি আজি নলবাৰীত এখন কর্মশালা অনুষ্ঠিত হয়। দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই কর্মশালাত উপস্থিত থাকি অভিযান সন্দৰ্ভত আলোচনা কৰে আৰু দিহা-পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কার্যকৰ্তাসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰি দলীয় ভেটি সুদৃঢ় কৰাত সহযোগ কৰিবলৈ আহ্বান জনায়।