October 14, 2024 12:25 PM

views 29

হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ কেন্দ্ৰীয় পর্যবেক্ষক নিয়োগ

বিজেপিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱক হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। দলে লগতে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে।