June 6, 2024 11:31 AM June 6, 2024 11:31 AM

views 13

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমবাসীক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ধন্যবাদ

ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ ৯খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত কালি অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি শ্রীকলিতাই লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে শতাধিক আসন লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই ৰাজ্যৰ ৯৪টা বিধানসভা সমষ্টিত ভোট লাভৰ দিশত শীৰ্ষস্থানত আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগ...