August 17, 2025 8:13 PM

views 35

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্...

August 4, 2025 8:31 PM

views 81

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্যক দুর্ভাগ্যজনক বুলি আখ্যা দিছে। তেওঁ কয় যে লোকসভাৰ বিৰোধী নেতাগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যই দেশৰ সাহসী সৈন্য বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

July 2, 2025 5:17 PM

views 32

কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিৰ অভিযোগ

● কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰ চেখৰে কংগ্ৰেছে তোষামোদৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে ২০১৮ চনত প্ৰাক্তন মুখ্যমন্ত্রী কংগ্ৰেছৰ অ'মেন চান্দীয়ে জামাত এ ইছলামী বিপদজনক ৰাষ্ট্ৰবিৰোধী সংস্থা বুলি প্ৰকাশ কৰিছে।

June 17, 2025 8:04 PM

views 21

কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিৰ অভিযোগ

কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে চৰকাৰে পিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আৰ্থসামাজিক আৰু জাতিগত গণনা কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। শ্ৰীত্রিবেদীয়ে কয় যে কংগ্ৰেছে সাংবিধানিক আৰু আইনী পৰিকাঠামোৰ বিষয়ে ভালকৈ বুজা উচিত। তেওঁ কয় যে কংগ্ৰেছে এই কথাটো ভালদৰে বুজা উচিত যে জাতিগত পিয়ল কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ বিষয়ে ৰ...

May 15, 2025 11:46 AM

views 23

সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী কংগ্ৰেছক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী কংগ্ৰেছ দলক তীব্র সমালোচনা কৰিছে। কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে সশস্ত্র বাহিনীসমূহে এই অভিযানৰ সময়ত অসাধাৰণ বীৰত্ব আৰু নিখুঁটভাৱে আঘাত হনাৰ সামৰ্থ প্ৰদৰ্শন কৰিছে। তেওঁ কয়, যে সিন্দুৰ অভিযান চলি আছে আৰু এই অভিযানক লৈ অবিৰতভাৱে প্রশ্ন উত্থাপন কৰি কংগ্ৰেছে প্ৰকৃততে নিজৰ অভিপ্ৰায়ক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। শ্রীত্রিবেদিয়ে কয়, যে প্রতিশ্রুতিবদ্ধতা শব্দত নহয় বৰং কার্যত স্পষ্ট হ'ব লাগে। মুখপা...

April 26, 2025 7:33 PM

views 31

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমর্থিত প্রার্থীসকলক ভোট দিবলৈ আহ্বান জনায়। শ্রীভূমি আয়োজিত সংকল্প সভাত মন্ত্রী কৃষ্ণেন্দু পাল,...

April 22, 2025 8:24 PM

views 39

নেচনেল হেল্ড গোচৰক লৈ কংগ্ৰেছক বিজেপিৰ তীব্র সমালোচনা

বিজেপিয়ে নেচনেল হেল্ড গোচৰক লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র নলিন কোহলীয়ে কয়, যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অলপতে নির্বাচন আয়োগ আৰু নিৰ্বাচনৰ পৰিচালনা সন্দৰ্ভত কৰা মন্তব্যই দলটোৱে যে নেচনেল হেল্ড গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টা কৰিছে, সেয়া প্ৰতিফলিত কৰে। শ্ৰীকোহলীয়ে কয়, যে কংগ্ৰেছে নির্বাচন আয়োগক সমালোচনা কৰি বিষয়টোৰ পৰা জনসাধাৰণৰ মনোযোগ অন্যফালে ঢাল খুওৱাৰ চেষ্টা চলাইছে।

December 16, 2024 7:20 PM

views 26

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছে নিয়াক লৈ বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে ২০০৮ চনত প্রধানমন্ত্রী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ পৰা লৈ যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি বিজেপিয়ে কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰে। প্ৰধানমন্ত্রী সংগ্ৰাহালয় আৰু পুথিভঁৰালৰ সদস্য আৰু ইতিহাসবিদ ৰিজৱান কাদ্ৰীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি কাগজ পত্ৰ সমূহ ঘূৰাই দিবলৈ অনুৰোধ জনাইছিল। সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বত...

November 2, 2024 7:57 PM

views 31

কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি

বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ ওচৰত কৰ্মচাৰীক দৰমহা আদায়ৰ বাবেও পৰ্য্যাপ্ত ধন নাই আৰু কৰ্ণাটকৰ পৰিস্থিতিও অনুৰূপ। কংগ্ৰেছক সমালোচনা কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, কংগ্ৰেছ কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহয়। ড০ ত্রিবেদ...

September 27, 2024 7:02 PM

views 27

কৰ্ণাটকৰ মুডা কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ দলক বিজেপিৰ কঠোৰ ভাষাৰে সমালোচনা

বিজেপিয়ে আজি কৰ্ণাটকৰ মুডা কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্র ছেহজাদ পুনাবালে কংগ্ৰেছে নিজকে চি বি আই তদন্তৰ পৰা বচোৱাৰ চেষ্টা কৰি আছে বুলি অভিযোগ তোলে। তেওঁ কয় যে, কৰ্ণাটকত মুডা কেলেংকাৰী নামত হাজাৰ কোটি টকাৰ ভূমি অন্যায়ভাৱে দখল কৰা হৈছে।