August 31, 2025 9:50 PM

views 42

বিজেপিৰ অসম প্ৰদেশ গোটৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও

বিহাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত দাভাঙ্গাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যৰ বিৰোধিতাৰে বিজেপিৰ অসম প্ৰদেশ গোটে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ সহস্ৰাধিক কাৰ্যকৰ্তাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি ৰাহুল গান্ধীয়ে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী তোলে। বিজেপিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছ দলক সকিয়াই দিয়ে।

August 4, 2024 7:00 PM

views 25

গুৱাহাটীত অসম প্ৰদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

অসম প্ৰদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদীক ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন জ্ঞাপন কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। ইয়াৰ লগতে ৰাজ্যৰ পাঁচটা সমষ্টিৰ আগন্তুক উপ-নির্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কার্যপ্রণালীৰ বিষয়তো কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ ...

August 4, 2024 11:43 AM

views 30

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্রদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা

অসম প্রদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ভালেসংখ্যক শীর্ষ বিষয়ববীয়া উপস্থিত থাকিব।