December 23, 2024 9:09 PM

views 14

কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি বিজেপিৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পুনৰ মুখ্য বিৰোধী দল কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি অভিযোগ কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত জ্যেষ্ঠ দলীয় নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে কংগ্ৰেছে ১৯৫২ চনৰ লোকসভা নিৰ্বাচন আৰু পাছত ১৯৫৪ চনৰ উপ-নির্বাচনত ড° আম্বেদকাৰৰ পৰাজয় নিশ্চিত কৰিছিল। ড° আম্বেদকাৰক জৱাহৰলাল নেহৰু চৰকাৰৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলি অভিযোগ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, যে নেহৰুৰ শাসনকালত তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাও হোৱা নাছিল। ড° আ...