January 29, 2025 11:44 AM

views 15

বিজয় চকত আজি গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট আজি নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্য কেন্দ্রীয় মন্ত্ৰীসকলে এই অনুষ্ঠানত ভাগ ল'ব ।