October 28, 2025 7:13 PM October 28, 2025 7:13 PM

views 13

বিশ্বনাথত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি আজি বিশ্বনাথত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলিৰ সাধনা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্রতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্রায় শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে।