December 27, 2025 12:56 PM

views 21

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্রীক যোগদানৰ নিৰ্দেশ

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১৪৪ গৰাকী স্নাতক আৰু ৩৪ গৰাকী স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্রীক সংশ্লিষ্ট শিক্ষানুষ্ঠানত যোগদানৰ নিৰ্দেশপত্র কালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। বিশ্বনাথ জিলা পৰিষদৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই নির্দেশ পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, বিদ্যালয় পৰিদৰ্শক প্রভাত দাস, আৰু শিক্ষা বিভাগ তথা জিলা প্রশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জিলা আয়ুক্ত শ্রী চহৰীয়াই সকলো...