October 20, 2025 6:27 PM

views 17

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন সুৰাভর্তি ট্রাক জব্দ

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আৰক্ষীয়ে এখন সুৰাভর্তি ট্রাক জব্দ কৰে। অৰুণাচল প্ৰদেশৰ পৰা মণিপুৰলৈ সুৰাখিনি নিয়াৰ সময়তে বিশ্বনাথ আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে এই যুটীয়া অভিযান চলায়। জব্দ কৰা সুৰাখিনিৰ বজাৰমূল্য প্রায় ৩০ লাখ টকা হ'ব বুলি সদৰি কৰাৰ লগতে অধিক তথ্যৰ বাবে আৰক্ষীয়ে ট্রাকৰ চালক আৰু হেণ্ডিমেনক সোধা পোছা অব্যাহত ৰাখিছে।