October 11, 2025 1:38 PM

views 16

বিশ্বনাথ জিলাৰ গহপুৰত স্বাস্থ্য শিবিৰ, সহস্ৰাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা

বিশ্বনাথ জিলাৰ গহপুৰত কালি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। পেৰেড গ্রাউণ্ডত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো বিধায়ক উৎপল বৰাই উদ্বোধন কৰে। স্বাস্থ্য শিবিৰত ১৮ বছৰ অনূৰ্ধ্বৰ দুই সহস্ৰাধিক শিশুৰ ৫০ বিধতকৈও অধিক স্বাস্থ্য জনিত অৱস্থাৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা হয়। স্বাস্থ্য শিবিৰত গহপুৰ সমজিলাৰ আয়ুক্ত, কাৰ্যবাহী দণ্ডাধীশসকল, স্বাস্থ্য বিভাগৰ বিষয়ববীয়া আৰু আন সংশ্লিষ্ট বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে।