August 22, 2025 11:29 AM

views 11

বিশ্বনাথৰ নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা অঞ্চলৰ ৪৩৩টা পৰিয়াললৈ জিলা প্রশাসনৰ উচ্ছেদৰ জাননী

বিশ্বনাথ জিলা প্রশাসনে নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা আদি অঞ্চলৰ ৪৩৩ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে। প্ৰশাসনে কালি বাঘমাৰী মণ্ডলৰ জৰিয়তে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। ১৫ দিনৰ ভিতৰত অবৈধভাৱে দখল কৰা ভূমি নেৰিলে জিলা প্ৰশাসনে সেই স্থানত উচ্ছেদ চলাব। এই পৰিয়ালকেইটাই চৰণীয়া পথাৰৰ ২৬৫ বিঘা ভূমি অবৈধভাৱে দখল কৰি আছে। ইপিনে, নগাঁও জিলা প্রশাসন কাইলৈৰ পৰা জুৰিয়াৰ জেঙনি আৰু বলিকটীয়াত উচ্ছেদ চলাবলৈ সাজু হৈছে। ধিং ৰাজহ চক্ৰ বিষয়াই যোৱা ৫ আৰ...