May 28, 2025 12:00 PM May 28, 2025 12:00 PM
2
বিশ্বনাথ জিলাৰ কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা কৰিবলৈ জিলা কৃষি বিভাগৰ আহ্বান
কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিশ্বনাথ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই আৰু মাটি মাহৰ বাবে ১৫ ছেপ্টেম্বৰ পৰ্যন্ত পঞ্জীয়ন ক...