September 17, 2025 11:57 AM

views 25

বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ'ব। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয...