January 9, 2025 9:02 PM January 9, 2025 9:02 PM
6
পূৰ্ণাংগ বিভাগৰূপে বিশ্বভাৰতীৰ অসমীয়া বিভাগলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন
অসমবাসী আৰু অসমীয়া ভাষীৰ বাবে এটা সুখবৰ৷ অসমৰ বাহিৰত থকা উচ্চ শিক্ষানুষ্ঠানৰ অসমীয়া ভাষা-সাহিত্যৰ একমাত্ৰ বিভাগ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তুলিবৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে৷ ২০১৬ চনৰেপৰা বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল আৰু যোৱা ৩ এপ্ৰিল (২০২৪)ত বিশ্বভাৰতীৰ তৰফৰপৰা পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে প্ৰস্তাৱ সম্বলিত বিস্তৃত প্ৰতিবেদন (DPR) বিশ্ববিদ্যালয় অনুদান আয়োগলৈ প্ৰেৰণ কৰা হৈছিল। বিশ্বভাৰতীৰপৰা প্ৰস্তাৱিত ছটা অধ্যা...