September 17, 2024 7:17 PM September 17, 2024 7:17 PM
6
ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন
আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজা অনুষ্ঠিত কৰিছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাগাৰা নাম, নাম প্ৰসংগ আদিৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ বিশ্বকৰ্মা পূজাৰ ওলগ জনোৱাৰ লগতে উন্নত আৰু আত্...