August 14, 2024 7:32 PM

views 29

হাজোত লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি হাজোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্রী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোৰ ভৰালীটোলাব নিজ বাসভৱন ‘শিশু কল্যাণ ভৱন'ত ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ‘লৌহমানৱ' শীর্ষক এখন স্মৃতিগ্রন্থও উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে লৌহমানৱ বিষ্ণুৰাম মেধিৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিষ্ণুৰাম মেধিৰ ৭ ফুট উ...