June 19, 2025 6:32 PM June 19, 2025 6:32 PM
9
বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব
ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড° থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শহিদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ'...