January 8, 2025 1:34 PM

views 16

বিশাখাপট্টমনত আজি প্ৰধানমন্ত্ৰীৰ ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টমনত ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব। তেওঁ বিশাখাপট্টমনৰ সমীপৰ পোডিমাকাট অত্যাধুনিক এন টি পি চি গ্রীন এনার্জি লিমিটেডৰ গ্রীন হাইড্ৰজেন হাব্ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰায় ১ লাখ ৮৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এইটোৱে হ'ব প্ৰথমটো গ্রীন হাইড্রজেন হাব্। এই প্রকল্পই ২০৩০ চনৰ ভিতৰত ভাৰতৰ অজীৱাশ্ম শক্তি ক্ষমতাৰ লক্ষ্য ৫০০ জ...