May 13, 2025 8:12 PM May 13, 2025 8:12 PM

views 10

মহীয়সী নাৰী বিৰুবালা ৰাভাৰ পুণ্যতিথি, ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলি

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সবল স্থিতি গ্রহণেৰে সমাজলৈ সেৱা আগবঢ়াই যোৱা মহীয়সী নাৰী বিৰুবালা ৰাভাৰ পুন্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। এই উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয় ৷ জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আয়োজিত বিশেষ সভাত সমাজ সংস্কাৰকগৰাকীৰ কৰ্মৰাজী সন্দৰ্ভত আলোকপাত কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাৰ্তাত ড০ বিৰুবালা ৰাভাৰ সাহসী জীৱন আৰু কৰ্মৰাজীয়ে...

January 3, 2025 12:29 PM January 3, 2025 12:29 PM

views 8

প্ৰতিবছৰে ১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত উল্লেখ কৰা মতে সমাজৰ বাবে ক্ষতিকাৰক অন্ধ বিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ ২১৯ টা খণ্ডত আর্যভট্ট বিজ্ঞান কেন্দ্ৰই এই দিৱসত বিভিন্ন কাৰ...

June 6, 2024 8:24 PM June 6, 2024 8:24 PM

views 11

বীৰুবালা ৰাভাৰ মৃত্যু দিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্রামী বীৰুবালা ৰাভাৰ মৃত্যু দিনটো অর্থাৎ ১৩ মে'ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰুবালা ৰাভাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ আদৰ্শক সৰোগত কৰি কুসংস্কাৰৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰখাটো সকলোৰে দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । লগতে পৰিয়ালৰ অন...

June 2, 2024 8:13 PM June 2, 2024 8:13 PM

views 16

বীৰুবালা ৰাভাৰ মৃত্যু দিন ১৩ মে’ক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা

কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপেৰে ৰাষ্ট্ৰজুৰি পৰিচিতি গঢ়ি তোলা বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা ইত্যাদিৰ উদ্যোগত গোৱালপাৰা জিলাৰ ঠাকুৰভিলা ৰাজহুৱা খেলপথাৰত আয়োজিত বিস্তৃত কাৰ্যসূচীত পৰম্পৰাগত ফাৰ্কান্তি নৃত্য পৰিবেশন, সর্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজনৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে বীৰুবালা ৰাভাৰ মৃত্যু দিৱস ১৩ মে'ৰ দিনটো ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে অন্ধবিশ্বাস আৰু কুসংস...

May 13, 2024 7:09 PM May 13, 2024 7:09 PM

views 18

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ দেহাৱসান

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কু-সংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশকৰো অধিক কাল যুঁজ দি অহা বিৰুবালা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহৰ শিখা, সকাহৰ অন্য নাম আছিল। ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচ...