November 18, 2025 7:41 PM November 18, 2025 7:41 PM
13
জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন
জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রিয় শিল্পীগৰাকীৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থি...