September 7, 2025 7:59 PM

views 298

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমবাৰে শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাৰ পৰা হবলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ...