October 29, 2024 12:20 PM

views 15

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান আগবঢ়োৱাৰ কথা অধ্যাপক নগেন শ‍ইকীয়া সাৰস্বত ন্যাস পৰিষদে জানিবলৈ দিছে। শিল্পীগৰাকীয়ে ভাস্কৰ্য তথা চিত্রশিল্পলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীসিংহক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াৰ জন্মদিন ১১ ফেব্ৰুৱাৰীৰ দিনটোত ন্যাসে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে।