January 6, 2026 7:16 AM

views 14

আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস

আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহ সম্প্ৰতি পৰিভ্ৰমী পক্ষীৰে ভৰি উঠা পৰিলক্ষিত হৈছে। শীতৰ আগমনৰ লগে লগে ৰাছিয়া, নেডাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীসমূহে ৰাষ্ট্ৰীয় উদ্যানখন মনোমোহা কৰি তুলিছে। বিগত দুবছৰত কাজিৰঙাত স্পন বিল ডাক, পেইণ্টেড ষ্টকৰ দৰে ব্যতিক্ৰমী পক্ষীৰ আগমন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উদ্যানখনত লাহে লাহে বাঘৰ সংখ্যাও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। কঁহৰাৰ মিহিমুখ অঞ্চলত সোণালী বাঘৰ মুক্ত বিচৰণ প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত আবদ্ধ...

December 3, 2025 11:19 AM

views 67

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন

● শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পর্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচোঙত অহা ৭ ডিচেম্বৰৰ পৰা চৰাইচোং মহোৎসৱ উদযাপন কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে...

July 15, 2025 12:42 PM

views 27

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে এই কথা প্ৰকাশ কৰি এই জৰীপত মুঠ ৪৩ টা প্ৰজাতিৰ পক্ষীৰ বিচৰণ নিশ্চিত কৰিছে। ইয়াৰ ভিতৰত এটা অতি বিপন্ন আৰু দুটা বিপন্নপ্ৰায় প্ৰজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। সঞ্চালকগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত হোৱা এই জৰীপৰ ফলাফল অতি সন্তোষজনক। বিপন্ন প্ৰজাতিৰ পক্ষীবিদ বেংগল ফ্লৰিকান বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দুটা পদ্ধতিৰে এই জৰীপ চলোৱা হ...