September 4, 2025 11:19 AM

views 25

অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব

● কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। ইয়াৰ আগেয়ে আজি দিনৰ ১০ বাজি ৪৫ মিনিটত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ আনি শেষ শ্রদ্ধা জনোৱা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰাকীৰ কালি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক...

August 19, 2025 7:08 PM

views 34

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসৰ ৮৯ বছৰীয়া জন্মদিন পালন

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসে আজি ৮৯ বছৰ সম্পূৰ্ণ কৰিছে। অনাতাঁৰ বাতৰিক অতি উচ্চ মানলৈ নিবলৈ সমৰ্থ হোৱা এইগৰাকী ব্যক্তিয়ে অৱসৰৰ পাছতো আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছিল আৰু এতিয়াৰ প্ৰজন্মই বাতৰি সম্পাদক আৰু বাতৰি পঢ়োঁতাসকলে বিৰাজ দাসৰ পৰা সাংবাদিকতাৰ বহু খুটি-নাটি আহৰণ কৰিবলৈ সমৰ্থ হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ নেতৃত্বত বিভাগৰ এটা প্ৰতিনিধি দলে আজি বিৰাজ দাসৰ ঘৰলৈ গৈ তেওঁক জন্...