October 30, 2025 8:48 PM

views 27

নলবাৰী-বৰেপটা-ডিব্ৰুগড়ত বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ ১০জন সদস্যক গ্ৰেপ্তাৰ

নলবাৰী আৰক্ষীয়ে আজি বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বৰ্মন, সাধাৰণ সম্পাদক নৱজিত বৰ্মন আৰু সদস্য প্ৰাঞ্জল বৰ্মন, পংকজ লোচন ডেকা আৰু আচিফুৰ জামান। ষট পূজা আৰু ৰাস মহোৎসৱত সংগীত পৰিৱেশনক লৈ এছ অ' পি জাৰি কৰাৰ অভিযোগত আৰক্ষীয়ে সদস্যকেইজনক গ্ৰেপ্তাৰ কৰে। বৰপেটা আৰক্ষীয়েও আজি সংগঠনটোৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে ছহিদুল বৰুৱা, লিটন আলী আৰু দিপাংকৰ তালুকদাৰ। দিপাংকৰ তালুকদাৰ...