August 31, 2024 8:46 PM

views 35

নতুন দিল্লীত জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি ন্ত্ৰী ড০ জিতেন্দ্র সিঙৰ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি কৰে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয় যে, এই নীতিৰ ফলত দেশত উচ্চ ক্ষমতাসম্পন্ন জৈৱ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব। তেওঁ লগতে কয় যে, বিশ্বৰ ভৱিষ্যতৰ অৰ্থব্যৱস্থা জৈৱ অৰ্থব্যৱস্থাৰে পৰিচালিত হ'ব। কেন্দ্ৰীয় মন্ত্রীসভাই চলিত মাহৰ ২৪ তাৰিখে এই Bio-E3 নীতিত অনুমোদন জনায়।