April 4, 2025 8:30 PM April 4, 2025 8:30 PM

views 12

ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’বঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্ৰয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমষ্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্...

April 4, 2025 8:25 PM April 4, 2025 8:25 PM

views 7

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকাৰ বাবে ভাৰতে সদায়েই সহযোগিতা আগবঢ়াব বুলি বাংলাদেশী নেতাগৰাকীক আশ্বাস দিয়ে। শ্রীমোদীয়ে দুয়ো দেশৰ মাজৰ সীমান্তত প্ৰচলিত আইনৰ সঠিক ৰূপায়ণ আৰু সীমান্তইদি অবৈধ অনুপ্রবেশ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ ক...

July 11, 2024 1:08 PM July 11, 2024 1:08 PM

views 12

নতুন দিল্লীত আজি বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ’ব

নতুন দিল্লীত আজি বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্রযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ'ব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে বিদেশ মন্ত্রী এছ জয়শংকৰে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰতিনিধিত্ব কৰিব। মন্ত্ৰালয়েলগতে জনাইছে যে এই সন্মিলনে বিমষ্টেক গোটৰ সদস্যসকলক বংগোপসাগৰৰ সুৰক্ষা, যোগাযোগ, ব্যৱসায়, বিনিয়োগ আদি বিভন্নি ক্ষেত্ৰত থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। বিমস্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন সন্মিলন থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল।