October 4, 2024 7:18 PM

views 13

যোৰহাট জিলা তাৰকাগৃহত হোৱা অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

সেৱা পষেকৰ লগত সংগতি ৰাখি যোৰহাট জিলা তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ দিয়ে। এই সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।