August 20, 2025 8:38 PM

views 16

গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত শৈক্ষিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন

গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত শৈক্ষিক আৰু পুথিভঁৰাল ভৱন আজি সাংস্কৃতিক মন্ত্রী বিমল বৰাই উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে ১৯৭০ চনত প্ৰতিষ্ঠিত গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ে একো গৰাকী পৰিপূৰ্ণ শিল্পী গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে। আজি উদ্বোধন কৰা ভৱনে পৰৱৰ্তী প্ৰজন্মৰ শিল্পীসকলক উন্নত প্ৰশিক্ষণৰ সুবিধা দিয়াৰ লগতে ৰাজ্যত শিল্প সাধনাৰ উপযুক্ত পৰিৱেশ সৃষ্টিত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মহাবিদ্যালয...