December 12, 2025 8:07 PM

views 12

অৰুণাচলৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেছাং নুৰুপ ডামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে লগতে আনজাওৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, সেনা আৰু এন ডি আৰ এফৰ দলে চলোৱা উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে। ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ আত্মীয়লৈ...