December 16, 2025 6:58 PM

views 29

শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প’র্টেল আনুষ্ঠানিকভাৱে মুকলি বিমল বৰাৰ

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প'র্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প'ৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা ৭ জানুৱাৰীলৈ এই প'ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ অধীনত ৩ লাখ টকাৰ পৰা ৬ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য লাভ কৰিব।

December 4, 2025 7:17 PM

views 8

বুঢ়ীদিহিঙৰ পাৰত আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত বুঢ়ীদিহিঙৰ পাৰত আজি মন্ত্রী বিমল বৰাই আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলে আলু খেতিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা লৈছে। খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক উৎসাহিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে এই বীজ ৰোপণ কাৰ্যসূচীত ভাগ লয়। তেওঁ সকলোকে কৃষিৰ জৰিয়তে এখন আত্মনিৰ্ভৰ অসমৰ ভেটি গঢ়িবলৈ ঐক্যবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।

May 29, 2025 7:54 PM

views 22

ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে তুলনামূলকভাৱে সুলভ চিএনজি ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিনসমূহ দীর্ঘদিনলৈ কাৰ্যক্ষম কৰি ৰাখিব পাৰি। পৰিৱেশ সংৰক্ষণ আৰু আৰ্থিক সঞ্চয়ৰ বাবে সকলোকে চিএনজি ব্যৱহাৰ কৰিব...

March 16, 2025 8:47 PM

views 21

দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে মন্ত্ৰী বিমল বৰা উপস্থিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে উপস্থিত হয়। জিলাখনৰ মৰাণৰ দৈনিক বজাৰত ডিজিটেল তুলাচনীৰ সহায়ত আলু বিক্ৰীৰ নিৰ্দেশনাৰে মন্ত্ৰীগৰাকীয়ে স্থানীয় কৃষকসকলক উৎসাহিত কৰাৰ প্ৰয়াস চলায়। উল্লেখযোগ্য যে সমবায় সমিতিখনৰ উদ্যোগত জিৰো টিলেজ আৰু জৈৱিক পদ্ধতিৰে মৰাণৰ কৃষি বীজপামত পৰীক্ষামূলকভাৱে কৰা খেতিত উৎপাদিত আলু আজি প্রতি ...

February 14, 2025 6:45 PM

views 13

বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিয়া হ’বঃ বিমল বৰা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি বিদেশী বিনিযোগকাৰীক বিমান বন্দৰৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰণি জনোৱা হ'ব। বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। থলুৱা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে ৫ লাখ টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ যথেষ্ট সঁহাৰি লাভ কৰা বু...

February 2, 2025 7:46 PM

views 12

মন্ত্ৰী বিমল বৰাৰ ADVANTAGE ASSAMৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা বৈঠক

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ADVANTAGE ASSAM শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। সন্মিলনখন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে বৈঠকখনত পৰিকল্পনা প্রস্তুত কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ ভাৱাদৰ্শৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা পৰিকল্পনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বৈঠকখনত আলোচনা কৰা হয়। বৈঠকখনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্রতাপ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

January 16, 2025 1:41 PM

views 20

ডুবাইত ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ মন্ত্রী বিমল বৰাৰ

■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন হোটেলত আয়োজিত এখন বিনিয়োগকাৰীৰ বৈঠকতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমে পৰম্পৰাগত উদ্যোগৰ পৰা অত্যাধুনিক প্রযুক্তিগত সা-সুবিধালৈকে বিভিন্ন উদ্যোগ আৰু উদ্ভাৱন খণ্ডত বিনিয...

September 24, 2024 12:27 PM

views 5

টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জাগীৰোডত স্থাপন হ'বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সম্ভাৱ্য সমস্যাসমূহৰ বিষয়েও আলোকপাত কৰা হয়। বৈঠকত টাটা গ্রুপ প্রতিনিধি আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু কৰ বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ইপিনে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত...