August 6, 2025 8:22 PM
11
ৰাজ্যসভাত সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন
ৰাজ্যসভাই আজি সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন জনোৱাৰ লগে লগে বিধেয়কখন সংসদত গৃহীত হয়। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। এই বিধেয়কখনে সমুদ্র পথেৰে ভাৰতীয় সামগ্ৰী পৰিবহন আইন ১৯২৫ৰ স্থান লব। আইনখনৰ জৰিয়তে কোনো বন্দৰৰ পৰা সামগ্ৰী লৈ যোৱাৰ সময়ত ইয়াৰ দায়িত্ব, অধিকাৰ, দায়বদ্ধতা, দায়মুক্তি আদি দিশসমূহ নিশ্চিত কৰিব। আইনখনে কেন্দ্ৰীয় চৰকাৰক বিধেয়কখনৰ নীতি- নিয়মসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়াৰো অধিকাৰ দিছে। এই আইনে সামগ্রী বোজাইৰ ৰছিদৰ ক্ষেত্ৰত থকা নিয়মসমূহ নিৰ্...