May 23, 2025 4:01 PM

views 19

সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগতৰ উদ্দেশ্যে বহুদলীয় সাংসদৰ অন্য এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে সন্ধিয়া বাৰ্তালাপ কৰিব

ভাৰতৰ সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভিন ভিন দেশ অভিমুখে ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি সন্ধিয়া বাৰ্তালাপ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এন চি পিৰ সুপ্রিয়া ছুলে নেতৃত্বাধীন বহুদলীয়া প্ৰতিনিধি দলকেইটা কাইলৈ আৰু বিজেপিৰ সাংসদ ৰৱিশংকৰ প্ৰসাদ নেতৃত্বাধীন আন এটা দল পৰহিলৈ তেওঁলোকৰ নিজ নিজ দলৰ নিৰ্ধাৰিত লক্ষ্যস্থান অভিমুখে ৰাওনা হ'ব। বৈজয়ন্ত পাণ্ডা নেতৃত্বাধীন ...

May 20, 2025 9:11 PM

views 28

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি মণ্ডল কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ৫৯ জন সাংসদেৰে গঠিত এই প্রতিনিধি দলটোৱে কাইলৈৰে পৰা অহা ৫ জুনলৈকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰ...

May 11, 2025 11:07 AM

views 15

পাকিস্তানে সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা কৰা বুলি বিদেশ সচিব বিক্ৰম মিশ্রিৰ প্ৰকাশ

পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা হোৱা বুলি বিদেশ সচিব বিক্ৰম মিশ্রিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীমিশ্রিয়ে কয়, যে সশস্ত্র বাহিনীসমূহে সংঘর্ষ বিৰতি উলংঘনৰ সমুচিত আৰু যোগ্য প্ৰত্যুত্তৰ দিছে আৰু নতুন দিল্লী মহলে সংঘর্ষ বিৰতি উলংঘনৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। ভাৰতে সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ ল'বলৈ আৰু গম্ভীৰতা তথা দায়িত্ব সহকাৰে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। শ্রীমিশ্রিয়ে কয...

May 10, 2025 7:36 PM

views 25

ভাৰত-পাকিস্তানৰ ততালিকে কাৰ্যকৰী হোৱাকৈ গুলিবর্ষণ-সামৰিক অভিযান বন্ধৰ সন্মতি

ভাৰত আৰু পাকিস্তানে ততালিকে কাৰ্যকৰী হোৱাকৈ গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ সচিব বিক্রম মিশ্রিয়ে আজি নতুন দিল্লীত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্রধানে আজি দুপৰীয়া সংঘৰ্ষ বিৰতিৰ বাবে ফোনযোগে আহ্বান জনায় আৰু ইয়াৰ পাছতে বিষয়টোলৈ আলোচনা হয়। এই আলোচনাত দুয়োপক্ষই গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। তেওঁ কয় যে দুয়ো পক্ষই স্থল, জল আৰু আকাশমাৰ্গৰে সকলো ধৰণৰ গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিব। এই ...