April 10, 2025 8:03 PM

views 53

আজিৰেপৰা ‘বিকশিত অসম, ২০৪৭’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগ আৰু ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহযোগত নিটি আয়োগে আজিৰেপৰা গুৱাহাটীত ‘বিকশিত অসম, ২০৪৭' শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। ২০৪৭ চনৰ ভিতৰত অসমক এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ পৰামৰ্শ তথা অৰিহণা যোগাবৰ বাবে আগ্রহীসকলক এই কর্মশালাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে।