December 11, 2024 8:26 PM
14
ৰাজ্য চৰকাৰৰ ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ শুভাৰম্ভ; শিক্ষাৰ্থীক স্কুটী-চাইকেল প্ৰদান কাৰ্যসূচী আৰম্ভ
ৰাজ্য চৰকাৰৰ উদ্যোগত আজি শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰে পৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। একেদৰে ড° বাণীকান্ত কাকতি বঁটা প...