December 14, 2024 8:19 PM

views 14

ৰাজ্যৰ কেইবাখনো জিলাত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী; গোলাঘাটত ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশস্বৰূপে কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ সাহায্য তথা অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উপস্থিত থাকি অসম মাইক্ৰ' ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ৫ হাজাৰ ১১৯ গৰাকী ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণ পত্ৰ বিতৰণ কৰে। একেটা অনুষ্ঠানতে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত ১৮৯ গৰাকীলৈ মূলধনী বিনিয়োগৰ ৰাজসাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্যোগত ক্ষতিগ্রস...