December 21, 2024 7:09 PM December 21, 2024 7:09 PM
4
বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান
ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্ৰদান কৰা হৈছে। বৰপেটা জিলাত এই উপলক্ষে অনুষ্ঠিত বিশেষ কার্যসূচীত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যত অন্তৰ্ভুক্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত চৰকাৰে তেওঁলোকক যথাযুক্ত সহায় আগবঢ়াব বুলি কয়। ন...