December 21, 2024 7:09 PM

views 17

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্ৰদান কৰা হৈছে। বৰপেটা জিলাত এই উপলক্ষে অনুষ্ঠিত বিশেষ কার্যসূচীত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যত অন্তৰ্ভুক্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত চৰকাৰে তেওঁলোকক যথাযুক্ত সহায় আগবঢ়াব বুলি কয়। ন...

December 19, 2024 12:43 PM

views 10

বিকাশৰ ১২ দিন কাৰ্যসূচীত আজি ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে অসমৰ সামগ্ৰীক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব । অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত– কামৰূপ মহানগৰত ৬১২ গৰাকী, শিৱসাগৰত ২,৮৪৫, শোণিতপুৰত ৩,১৪০ আৰু পশ্চিম কাৰ্বি আংলঙত ৩৫ গৰাকী- তৃতীয়বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব। একেদৰে প্ৰধানমন্ত্রী ক্ষুদ্র খাদ...

December 18, 2024 8:06 PM

views 11

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ভিন ভিন জিলাত কেইবাখনো আঁচনি ৰূপায়ণ

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰে । চিৰাং জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু সকাহ আঁচনিৰ অধীনত ৫২৩ গৰাকী মহিলাক ঋণমুক্তি প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য প্ৰদান কৰে। তেওঁ লগতে আত্মসহায়ক গোটৰ ...

December 18, 2024 10:15 AM

views 18

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনি ৰূপায়ণ হ’ব

ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ধুবুৰী জিলাত ১,২০৮গৰাকী, কাৰ্বি আংলং জিলাত ৫১৭গৰাকী, শিৱসাগৰ জিলাত ১,৭৭৮গৰাকী আৰু দক্ষিণ শালমৰা জিলাত ৩৬৬গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ধুবুৰী জিলাৰ ২০ হাজাৰ ৯২৪গৰাকী, কাৰ্বি আংলং জিলাৰ ৫ হাজাৰ ৩০০গ...

December 17, 2024 8:19 PM

views 17

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বহুকেইগৰাকী মন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন অনুষ্ঠানৰ অংশ হিচাপে আজি বৰপেটা জিলাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে জনসাধাৰণৰ উন্নয়ন সাধনেই হৈছে বৰ্তমানৰ চৰকাৰৰ উদ্দেশ্য। ৰাজ্যৰ জনসাধাৰণৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে বিভিন্ন শিতানৰ ২৫ লাখৰো অধিক হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শ্ৰীবৰুৱাই অসম ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু সকাহ আঁচনিৰ অধীনত ২ হাজাৰ ৪৮ গৰাকী মহিলাক ঋণমুক...