November 1, 2025 8:49 PM November 1, 2025 8:49 PM
24
বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক গ্ৰেপ্তাৰ
বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধন দাবী, অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ কেইবাদিনো ধৰি পলাই থকা বিকাশ অসমে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়ীক ধন দাবী আৰু অপহৰণৰ গোচৰত বীৰ লাচিত সেনাৰ ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে।