September 30, 2025 7:53 PM
18
বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ দেহাৱসানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ প্ৰতি নতুন দিল্লীৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন দিল্লীৰ এইমছত আজি পুৱা এই জ্যেষ্ঠ নেতাগৰাকীৰ ৯৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ বি জে পি দিল্লী গোটৰ প্ৰথমগৰাকী সভাপতি হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল। বিজয় কুমাৰ মালহোত্ৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমত কয়, যে তেওঁ এগৰাকী অসাধাৰণ আৰু সকলোকে গভীৰভাৱে বুজি পোৱা তথা...