May 10, 2025 11:50 AM

views 13

জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান-কাৰ্যসূচী বাতিলৰ নিৰ্দেশনা জিলা প্ৰশাসনসমূহৰ

ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ-প্রত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্রশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী আজিৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যত পূর্বে নির্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। শিৱসাগৰ জিলাৰ জিলা...