September 4, 2025 3:39 PM

views 18

বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত ...

August 17, 2025 8:13 PM

views 35

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্...

August 16, 2025 8:26 PM

views 30

ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব

লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নে...

August 14, 2025 8:32 PM

views 19

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ

নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছে দ্বৈত স্থিতি গ্ৰহণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা গজেন্দ্ৰ সিং শেখাৱতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংবিধানিক সংস্থাসমূহৰ সত্যনিষ্ঠতা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰা আৰু এই বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে। শ্ৰী শেখাৱতে লগতে কংগ্ৰেছে ক্ষমতালৈ অহাৰ বাবে বিভিন্ন সময়ত অনৈতিক পদ্ধতি অৱলম্বন কৰা বুলি অভ...

July 18, 2025 3:24 PM

views 26

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দভাংগা, ভগলপুৰ আৰু মতিহাৰী ৰে'ল ষ্টেচনৰ পৰা চাৰিখনকৈ নতুন অমৃত ভাৰত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক দেশৰ আন অংশৰ সৈতে সং...

July 15, 2025 12:02 PM

views 25

বিহাৰৰ দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন

বিহাৰে দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫'ৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি ডেৰাডুনৰ মহাৰাণা প্রতাপ স্প'ৰ্টছ কলেজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত যোৱাবাৰৰ বিজয়ী ওড়িশাক ১৭-১৫ গ'লত পৰাস্ত কৰি ল'ৰাৰ ১৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰে৷ ইয়াৰ পূৰ্বে চণ্ডীগড়, হাৰিয়ানা, পঞ্জাৱ, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰ আদি শক্তিশালী দলৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন কৰা বিহাৰৰ দলটো সমগ্ৰ প্ৰতিযোগিতাত অপৰাজিত হৈ ৰয়। চলিত সপ্তাহতে বিহাৰে প্ৰতিযোগিতাখনৰ ছোৱালীৰ খিতাপো লাভ কৰিছিল। ২০২২ চনতো ৰাজ্যখন উভয় শাখাৰ চেম্প...

April 22, 2025 3:23 PM

views 23

গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, চিৱান আৰু চৰণ জিলাত উষ্ণতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই দিনকেইটাত তাপমাত্রা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ...

March 27, 2025 4:00 PM

views 26

বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ ভিন্ন স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তি আৰু দুৰ্নীতিৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ কেইবাটাও স্থানত তালাচী অভিযান চলায়। বিহাৰৰ শক্তি বিভাগৰ প্ৰাক্তন সচিব হংস আৰু তেওঁৰ কেইবাগৰাকী সহযোগীৰ বিৰুদ্ধে ক'লাধন বৈধকৰণ আৰু নিবিদাৰ ক্ষেত্ৰত দুর্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছিল। সঞ্চালকালয়ে লগতে পাটনাৰ আনিছাবাদত গৃহ নির্মাণ বিভাগৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাৰ মালিকানাধীন স্থানৰ পৰা বহু পৰিমাণৰ নগদ ধন আৰু আপত্তিজনক তথ্যপাতি জব্দ কৰে। বিধি বলবৎকাৰী ...

February 23, 2025 11:01 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচীৰে আজি ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশৰ চত্তৰপুৰ জিলাৰ বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই চিকিৎসালয়খনত অত্যাধুনিক আহিলা পাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায়ত দুখীয়া কৰ্কট ৰোগীসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব। তেওঁ লগতে ভূপালত দুদিনীয়া গোলকীয় বিনিয়োগ সন্মিলন মুকলি কৰিব। কাইলৈ প্ৰধানমন্ত্ৰী বিহাৰৰ ভাগলপুৰলৈ যাব। সিদিনাখন তেওঁ ভাগলপুৰৰ পৰা প্ৰধা...

January 2, 2025 4:10 PM

views 28

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীৰ শপত গ্ৰহণ সম্পন্ন

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীয়ে আজি শপত গ্ৰহণ কৰিছে। বিহাৰত নৱনিযুক্ত ৰাজ্যপাল আফি মহম্মদ খানে আজি ৰাজ্যখনৰ ৪২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে পাটনা ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রীদ্বয় সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিন্হা আৰু বিৰোধী পক্ষৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পূৰ্বে কেৰালাৰ ...