November 6, 2025 11:07 AM

views 54

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ

■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্‌ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভ...

November 4, 2025 7:53 PM

views 31

বিহাৰত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত ললন সিঙৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন

বিহাৰৰ মোকামাত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত আজি জনতা দল ইউনাইটেডৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে ললন সিঙৰ বিৰুদ্ধে আজি এখন এজাহাৰ পঞ্জীয়ন কৰা হয়। পাটনাৰ জিলা ন্যায়াধীশ তথা ৰিটার্ণিং বিষয়াই জাৰি কৰা এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি, তদাৰকী গোটে ৰেকৰ্ড কৰা ভি ডি অ' ফুটেজ জিলা প্রশাসনে বিশ্লেষণ কৰাৰ পাছতেই নেতাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্রহণ কৰা হয়। ইয়াৰ পূৰ্বে মোকামাত ললন সিঙে দিয়া আপত্তিজনক মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে নির্বাচন আয়োগে এখন জাননী জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত এ...

October 24, 2025 6:35 PM

views 40

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জননায়ক কপুৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্রতিষ্ঠা কৰিছ...

October 22, 2025 3:03 PM

views 41

বিহাৰ বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও প্রাক্তন সাংসদৰ নির্বাচনী যুঁজত অৱতীৰ্ণ

● বিহাৰ বিধানসভা নিৰ্বাচনত এইবেলি কেইবাগৰাকীও প্রাক্তন সাংসদে নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰে ভিতৰত কেইবাগৰাকীও প্রার্থীয়ে ২০২৪ চনত লোসসভা নিৰ্বাচন পৰাজিত হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে জে ডি য়ুই ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা সৰ্বাধিক প্রাক্তন সাংসদক প্রার্থীত্ব প্রদান কৰিছে। বিজেপিয়ে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী তথা পাতলিপুত্ৰৰ প্ৰাক্তন সাংসদ ৰামপাল যাদৱক পাটনা জিলাৰ ডানাপুৰ সমষ্টিৰ পৰা থিয় কৰোৱাইছে। সীতামঢ়হি প্রাক্তন সাংসদ সুনিল কুমাৰ পিন্টুই বিজেপিৰ টিকটত সীতামঢ়হি সমষ্টিৰ পৰা বিধানসভ...

October 17, 2025 12:50 PM

views 71

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় - দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে। কালি প্রকাশিত তালিকা অনুসৰি কাৰৱা সমষ্টিৰ পৰা চাকিল আহমেদ খান আৰু বেগুচৰাই সমষ্টিৰ পৰা অমিতা ভুষণ নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে মংগল ৰামক চেনাৰী, সঞ্জয় তিৱাৰীক বাক্সাৰ আৰু আনন্দ শংকৰ সিঙক ঔৰংগ...

October 10, 2025 8:43 PM

views 53

সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

বিহাৰৰ লগতে অন্যান্য ৰাজ্যসমূহৰ সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্রশিক্ষণত অনলাইন মূল্যাংকন আৰু মনোনয়ন প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন বিষয়ত উত্থাপন হোৱা সন্দেহ নিষ্পত্তি সন্দর্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। কালিৰে পৰা অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত ২৪৩গৰাকী নির্বাচনী বিষয়াৰ লগতে এহেজাৰ ৪১৮ গৰাকী সহকাৰী নির্বাচনী বিষয়াই অংশগ্রহণ কৰে। আয়োগে জানিবলৈ দিয়া অনুসৰি অনলাইন মূল্যাংকন আৰু সন্দেহ নিষ্পত্তি অধিবেশনৰ লগতে মনোনয়ন প্রক্রিয়া, আৰ্হি আ...

October 10, 2025 3:29 PM

views 99

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মৰ্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয...

October 8, 2025 7:00 PM

views 54

বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত সামাজিক ন্যায় প্ৰদানৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ'ব।

October 7, 2025 12:03 PM

views 54

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

October 7, 2025 12:08 PM

views 29

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...