November 11, 2025 7:34 PM

views 62

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাক...

November 10, 2025 8:08 PM

views 58

বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিবঃ বিজেপি

  বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ ৰবীশংকৰ প্ৰসাদে কয় যে বিৰোধীয়ে ইতিমধ্যে এই নিৰ্বাচনত তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু পৰাজিত হোৱাৰ কাৰণ বিচাৰি ফুৰিছে। ইয়াৰ পূৰ্বে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী তথা আৰ জে দিৰ শীৰ্ষ নেতা তেজশ্বী যাদৱে পাৰ্টনাত এখন সংবাদ মেলত কয় যে বিগত ২০ বছৰত বিহাৰত কোনো ধৰণৰ উন্নয়ন চক...

November 6, 2025 3:01 PM

views 58

দিনৰ ১১ বজালৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭.২৬ শতাংশ ভোটদাতাৰ ভোটদান

—বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। ৰাজ্যখনত দিনৰ ১১ বজালৈ ২৭.২৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। বেগুচৰাই জিলাত সৰ্বাধিক ৩০.৭ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্ৰী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধুৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদ...

November 4, 2025 12:01 PM

views 48

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত

● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নির্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, চ...

October 22, 2025 3:00 PM

views 44

বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰা

● কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰাৰ জৰিয়তে মহা যুঁট বন্ধন সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহা মিত্রযোঁটে যদি ৫টা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহ'লে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ'ব আৰু এইকথা বিহাৰৰ জনসাধাৰণে বুজি পাইছে। শ্ৰী পাছোৱানে অহা ১৪ নবেম্বৰত ৰাজ্যখনত এন ডি এই চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এই সময়মতে ঘোষণা কৰা আসন ভাগ-বটোৱাৰাই ইতিবাচক বার্ত...

October 13, 2025 2:35 PM

views 166

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২০ অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে। এই ...