April 6, 2024 11:58 AM

views 35

বিহাৰত মুকেশ চাহনীৰ নেতৃত্বাধীন বিকাশ শীল ইনছান পার্টীৰ বিৰোধী মহামিত্ৰজোঁটত যোগদান

বিহাৰত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মুকেশ চাহনীৰ নেতৃত্বাধীন বিকাশ শীল ইনছান পার্টী (ভি আই পি)য়ে কালি আনুষ্ঠানিকভাৱে বিৰোধী মহামিত্ৰজোঁটত যোগদান কৰে। আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী প্রসাদ যাদৱে গোপালগঞ্জ, ঝানঝৰপুৰ আৰু পূব চাম্পাৰণ-এই তিনিখন লোকসভা আসন তেওঁৰ দলে এৰি দিব বুলি ঘোষণা কৰিছে। মহামিত্ৰজোঁটত আসনৰ ভাগ-বাটোৱাৰা চুক্তি অনুসৰি আৰ জে ডিয়ে নিজৰ বাবে ২৬ খন আসন ৰখাৰ বিপৰীতে তিনিখন আসন কংগ্ৰেছত আৰু বাকী ৫ খন আসন বাঁওদলসমূহৰ বাবে এৰি দিছে।