May 14, 2024 6:25 PM May 14, 2024 6:25 PM
16
বিজেপিৰ নেতা সুশীল কুমাৰ মোদীৰ মৃত্যুত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শোক প্ৰকাশ
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্ৰী আৰ্লেকাৰে কয় যে সুশীল কুমাৰ মোদী লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ এগৰাকী মহান অনুৰাগী আছিল আৰু দুৰ্নীতিবিৰোধী যুঁজত গ্ৰহণ কৰা ভূমিকাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সুঁৱৰি কয় যে তেওঁ এগৰাকী সমৰ্পিত নেতা আছিল। শ্ৰী কুমাৰে কয় যে তেওঁ এগৰাকী অত্যন্...