November 17, 2025 5:21 PM

views 54

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ভিন ভিন বিষয়ক লৈ আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে জনতা দল ইউনাইটেডৰ নেতা নিৰ্বাচনৰ বাবে পাটনাত আজি দলটোৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে। শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা দলটোৰ ৮৫ গৰাকী বিধায়কৰ মাজৰ পৰা নীতিশ...

November 14, 2025 7:56 PM

views 37

বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনাধিষ্ঠিত এন ডি এ মৰ্চা পুনৰবাৰ চৰকাৰ গঠনৰ পথত

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত ৯৩ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭ খনত জয়লাভ কৰিছে আৰু ৪৪ খনত আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে ২৮ খন আসনত জয়লাভ কৰিছে আৰু ৫৫ খনত আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পার্টিয়ে ৪ খন আসনত জয়লাভ কৰিছে আৰু ১৫ খনত আগবাঢ়ি আছে। হিন্দুস্তানী আৱাম মৰ্চায়ো এখন আসনত জয়লাভ কৰিছে আৰু ৪ খন আসনত আগবাঢ়ি আছে।   আৰ জে ডি নেতৃত্বাধীন মহাজোঁটবন্ধনে বৰ্তমানলৈক...

November 14, 2025 12:30 PM

views 39

বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত

বিহাৰ বিধানসভা নিৰ্বাচনৰ শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এন ডি এ বর্তমানলৈকে ১৮৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে মহামিত্রজোঁটে ৫০ খন আসনত অগ্রগতি লাভ কৰিছে। ৰাজ্যখনৰ ৩৮ খন জিলাৰ ৪৬টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা চলি আছে। প্রথমে পোষ্টেল বেলটসমূহ গণনা কৰা হয় আৰু চাৰে ৮ বজাৰ পৰা ই ভি এমৰ ভোটসমূহ গণনা কৰা হৈছে।

November 12, 2025 12:29 PM

views 253

দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি ৬৬ দশমিক ৯-১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে সর্বমুঠ ২৪৩ খন আসনৰ বাবে যোৱা ৬ নৱেম্বৰত আৰু কালি দুটা পর্যায়ত ভোটগ্রহণ সম্পন্ন হয়। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে ১৯৫১ চনৰ পৰা অনুষ্ঠিত সকলো নিৰ্বাচনৰ ভিতৰত ২০২৫ চনৰ নিৰ্বাচনত প্রায় ৬৬ দশমিক ৯ শতাংশ অর্থাৎ সর্বাধিক সংখ্যক ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। এইবাৰ বিহাৰ বিধানসভা নির্বাচ...

November 11, 2025 7:34 PM

views 66

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাক...

November 11, 2025 6:25 PM

views 46

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

November 11, 2025 6:30 PM

views 42

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 11, 2025 11:56 AM

views 41

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই আজি এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব যদিও ৭ টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বাবে বিয়লি ৫ বজাত ভোটগ্রহণ সমাপ্ত হ'ব। এই পৰ্যায়ত ভাৰত-নেপাল সীমান্তৰ সমষ্টিসমূহৰ লগতে মগধ, ক’চি, মিথিলাঞ্চল, সীমাঞ্চল আদিত ভোটগ্ৰহণ কৰা হৈছে। পূব আৰু পশ্চিম চ...

November 10, 2025 8:08 PM

views 61

বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিবঃ বিজেপি

  বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ ৰবীশংকৰ প্ৰসাদে কয় যে বিৰোধীয়ে ইতিমধ্যে এই নিৰ্বাচনত তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু পৰাজিত হোৱাৰ কাৰণ বিচাৰি ফুৰিছে। ইয়াৰ পূৰ্বে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী তথা আৰ জে দিৰ শীৰ্ষ নেতা তেজশ্বী যাদৱে পাৰ্টনাত এখন সংবাদ মেলত কয় যে বিগত ২০ বছৰত বিহাৰত কোনো ধৰণৰ উন্নয়ন চক...

November 10, 2025 6:05 PM

views 61

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ'বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অন্তিম পৰ্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে ৭টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় ...