March 19, 2025 9:11 PM

views 17

অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাইঃ মুখ্যমন্ত্রী

তিনিচুকীয়া নগৰত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ উদ্যোগত বিহাৰ দিৱস উদযাপন কৰাৰ বিষয়ে বাতৰি প্ৰকাশৰ পাছত উজনি অসমৰ কেইবাটাও দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাক লৈ নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰা আৰু এতিয়াৰ তিনিচুকীয়া নগৰত বিহাৰ দিৱস আয়োজন কৰাৰ যুক্তিযুক্ততা নাই বুলি সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ টাই-আহোম ছাত্ৰ সন্থা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আদি কেইবাটাও সংগঠনে সংবাদ মাধ্যম...