April 11, 2025 9:52 AM

views 14

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকৰ মৃত্যু

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ আৰু বতাহৰ ফলত ধন-জন হানি হোৱা বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি অনুসৰি নালন্দা জিলাত গছ উভালি বেৰ খহি পৰাৰৰ ফলত ২২ জন লোকে প্ৰাণ হেৰুৱাই । ভোজপুৰ আৰু গঞা জিলাত বর্ষাজনিত ঘটনাত ক্ৰমে ৫ জন আৰু ৩ জন লোক নিহত হয়। পাটনা, গোপালগঞ্জ, মুংগেৰ, সমষ্টিপুৰ, জেহানাবাদ মুজফ্‌ফ্ফৰপুৰ, অৰৰিয়া, বেগুচড়াই আৰু আন জিলাসমূহতো ভালে কেইজন লোক হতাহত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘট...