October 20, 2025 11:22 AM October 20, 2025 11:22 AM

views 32

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰো অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

October 17, 2025 12:54 PM October 17, 2025 12:54 PM

views 68

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

● বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২৪৩টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১টাত অহা ৬ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পর্যায়ে পাটনা, দাভাংগা, মুজফফৰপুৰ, গোপালগঞ্জ আৰু ভোজপুৰ জিলাক সামৰি লৈছে। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ২০ অক্টোবৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

October 5, 2025 8:42 PM October 5, 2025 8:42 PM

views 26

ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত কাইলৈ আসন ভাগ-বতৰা সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। জে এম এমৰ সভাপতি আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে এই দায়িত্ব ৰাজ্যিক মন্ত্রী সুদিব্য কুমাৰ ছানু আৰু জে এম এমৰ সাধাৰণ সম্পাদক বিনোদ পাণ্ডেক অর্পণ কৰিছে। দুয়োগৰাকী নেতা কাইলৈ পাটনাত উপস্থিত হৈ আৰ জে ডিৰ নেতা তেজস্বী যাদৱৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে ছেপ্তেম্বৰ মাহত মুখ্যমন্ত্রী হেমন্ত চোৰেণ আ...